জি পি আৰ আই এছ
উচ্চ ৰিজলিউশ্বন ৰিম'ট চেঞ্চিং উপগ্ৰহ তথ্য ব্যৱহাৰ কৰি গাঁও পঞ্চায়ত পৰ্যায়ত জি আই এছ আধাৰিত ৰাজ্যিক সম্পদ তথ্য প্ৰণালী সৃষ্টি কৰা
এই আঁচনিয়ে গাওঁ পঞ্চায়ত পৰ্যায়ত মাইক্ৰ' স্তৰৰ কাৰ্যকলাপ পৰিকল্পনাৰ বাবে উচ্চ ৰিজলিউশ্বন উপগ্ৰহ তথ্যৰ ওপৰত ভিত্তি কৰি আহৰণ কৰা আধাৰ ৰেখা ভূ-স্থানিক তথ্য সুবিধা প্ৰদান কৰিব। তথ্যবোৰ দৃশ্যায়নৰ বাবে অসম ৰাজ্যিক মহাকাশ প্ৰয়োগ কেন্দ্ৰৰ জিঅ' পৰ্টেলত আপলোড কৰা হ'ব আৰু গাওঁ পঞ্চায়ত বিষয়াসকলক উপগ্ৰহ ছবিৰ পৰা আহৰণ কৰা সম্পদ তথ্য (প্ৰশাসনিক বিশেষাধিকাৰ / অনুমতি সাপেক্ষে) ডাউনলোড কৰিবলৈ অনুমতি দিয়া হ'ব। আঁচনিখনৰ উদ্দেশ্যসমূহ হৈছে:
- অগ্ৰাধিকাৰপ্ৰাপ্ত জিলাৰ প্ৰতিখন প্ৰাথমিকতাপ্ৰাপ্ত গাঁও পঞ্চায়তৰ বাবে গাওঁ পৰ্যায়ৰ সম্পদ ডাটাবেছৰ সৃষ্টি
- গাওঁ পঞ্চায়তৰ বিষয়াসকলৰ দ্বাৰা কাৰ্যকলাপ পৰিকল্পনাৰ বাবে উপলব্ধ কেডাষ্ট্ৰেল মানচিত্ৰৰ একত্ৰীকৰণ।
- প্ৰতিখন গাওঁত লোকপিয়লৰ ৰেকৰ্ড একত্ৰিত কৰা (জনগাঁথনি আৰু আৰ্থসামাজিক)
- পৰিকল্পনাকাৰী বা সম্পদ প্ৰৱন্ধকৰ বাবে ডিজিটেল এটলাস প্ৰস্তুত কৰা।
- ডাটাবেচটো ৰাজ্যৰ প্ৰশাসনিক সীমাৰ সন্দৰ্ভত নিৰৱচ্ছিন্ন হ'ব আৰু ইয়াক গাওঁৰ সীমা/গাওঁ পঞ্চায়তৰ সীমাৰ সৈতে একত্ৰিত কৰা হ'ব
- চূড়ান্ত ডাটাছেট গাঁও পঞ্চায়ত সম্পদ তথ্য প্ৰণালী ৱেব জি আই এছ পৰ্টেলত আপলোড কৰা হ'ব আৰু বিকেন্দ্ৰীকৃত পৰিকল্পনাৰ বাবে পি আৰ আই, খণ্ড আৰু জিলাসমূহলৈ পৰৱৰ্তী প্ৰচাৰৰ বাবে ৰাজ্যিক ভূৱন পৰ্টেলৰ সৈতে URL সংযোগ থাকিব